ভাৰতৰ পতিতাবৃত্তি
৫ প্ৰবন্ধ
-
তৱাইফ
তৱাইফ (Tawaif) হ'ল মোগল যুগৰ শ্ৰেষ্ঠ বিনোদনকাৰী, যি ভাৰতীয় উপমহাদেশৰ আভিজাত্যক লালন কৰিছিল। তৱাইফসকল সংগীত, নৃত্য (মুজ্ৰা), থিয়েটাৰ আৰু উৰ্দ্দু সাহিত্যত অতি নামকৰা আছিল আৰু এই বিভাগসমূহলৈ তেওঁলোকৰ অৱদান আগবঢ়াইছিল। শিষ্টাচাৰৰ ওপৰত তেওঁলোকৰ কৰ্তৃত্ব উদাহৰণ যোগ্য।
-
ভাৰতত পতিতাবৃত্তি
ভাৰতত পতিতাবৃত্তি (Prostitution in India) আইনসন্মত। কিন্তু এই সংক্ৰান্তত কিছু কাৰ্য-কলাপ, যেনে প্ৰকাশ্য স্থানত পতিতা নিয়োগ কৰা, পতিতালয়ৰ আশেপাশে ঘূৰি ফুৰা, পতিতালয় চলোৱা, হোটেলত পতিতাবৃত্তি চলোৱা, শিশু পতিতাবৃত্তি, কূটনীতি কৰা, পতিতাৰ দালালী কৰা আইনমতে অপৰাধ।
-
আম্ৰপালি
আম্ৰপালি বা আম্ৰ্পালিকা বা আম্বপালি (Āmrapālī) প্ৰাচীন বৈশালী নগৰৰ (বৰ্তমান বিহাৰত) প্ৰায় ৫০০ খ্ৰীঃপূঃৰ এগৰাকী প্ৰখ্যাত নগৰবধূ বা ৰাজকীয় গণিকা আছিল। বুদ্ধৰ ওচৰত শৰণ লৈ তেওঁ এগৰাকী 'অৰ্হৎ' বা 'অৰহন্ত' হৈছিল। প্ৰাচীন পালি সাহিত্যত বা বুদ্ধ পৰম্পৰাত তেওঁৰ সৈতে বুদ্ধৰ সংযোগৰ উল্লেখ আছে।
-
বসন্তসেনা
বসন্তসেনা (Vasantsena) শুদ্ৰকে ৰচনা কৰা মৃচ্ছকটিক নাটকৰ কেন্দ্ৰীয় চৰিত্ৰ। নাটকখনৰ বিষয়বস্তু, চৰিত্ৰ চিত্ৰন আৰু নাট্য বিন্যাসৰ এক চিৰকালীন আবেদন আছে আৰু যাৰবাবে এই নাটকখন পৃথিৱীৰ বহু দেশত, বিশেষকৈ পাশ্চাত্যত বহুভাষাত অনূদিত হৈ জনপ্ৰিয়তাৰ সৈতে বাৰেবাৰে মঞ্চস্থ হৈছে।
-
সোনাগাছি
সোনাগাছি (Sonagachi) ভাৰতৰ কলকাতা চহৰত অৱস্থিত এছিয়াৰ বৃহত্তম নিষিদ্ধ পল্লি। এই অঞ্চলটোত শতাধিক বহু মহলীয়া বেশ্যালয়ত ২০২০ চনৰ পৰিসংখ্যা অনুসৰি ৭০০০ যৌনকৰ্মী বাসকৰে। সোনাগাছি উত্তৰ কলকাতাৰ যতীন্দ্ৰমোহন এভিনিউ আৰু বিদন ষ্ট্ৰীটৰ সংযোগ স্থলত, শোভাবজাৰ ওচৰত অৱস্থিত।