ভাৰতীয় সমাজ
৬ প্ৰবন্ধ
-
চণ্ডাল
চণ্ডাল হৈছে মৃতদেহ সৎকাৰৰ সৈতে সম্পৰ্কিত ব্যক্তিক বুজাবলৈ ব্যৱহৃত এক সংস্কৃত শব্দ, বা এজন হিন্দু নিম্ন বৰ্ণৰ লোকক বুজাবলৈ ব্যৱহাৰ হোৱা অভিধা। পৰম্পৰাগতভাৱে চণ্ডাল সকলক অস্পৃশ্য বুলি গণ্য কৰা হয়। এই জাতিৰ এগৰাকী মহিলা সদস্যক চণ্ডালী বুলি জনা যায়।
-
ভাৰতৰ ভুৱা বাতৰি
ভাৰতৰ ভুৱা বাতৰি (Fake news in India): দেশখনৰ যিবোৰ মিছা খবৰ আৰু অপপ্ৰচাৰ মানুহৰ মুখেমুখে, পৰম্পৰাগত মাধ্যমবোৰৰ যোগেদি বা শেহতীয়াকৈ ডিজিটেল মাধ্যমৰ বিভিন্ন ৰূপত, যেনে সম্পাদিত ভিডিঅ’, মিম, অপৰীক্ষিত বিজ্ঞাপন আৰু সামাজিক মাধ্যমত ৰতনা হোৱা গুজৱ আদিৰ যোগেদি বিয়পি পৰে, সেইবোৰেই ভাৰতৰ ভুৱা বাতৰি।
-
ৰামনামী সমাজ
ৰামনামী সমাজ (Ramnami Samaj) হৈছে ১৮৯০ চনত পৰশুৰামে প্ৰতিষ্ঠা কৰা এটা হিন্দু সম্প্ৰদায়। এই সম্প্ৰদায়ৰ লোকে অৱতাৰী পুৰুষ ৰামক দেৱতা হিচাপে পূজা কৰে। মূলতঃ ছত্তীশগড়ত বাস কৰা ইয়াৰ অনুগামীসকলে শৰীৰত "ৰাম" শব্দটো টেটু কৰি লয় আৰু গাত "ৰাম" শব্দ ছপা কৰা চাদৰ আৰু শিৰত ময়ূৰৰ পাখিৰে নিৰ্মিত শিৰোধান…
-
কাইলৈ আহক
নলে বা (Nale Ba; কাইলৈ আহক) ভাৰতৰ কৰ্ণাটকৰ অঞ্চলসমূহত বিশিষ্ট জনপ্ৰিয় লোককথা। নগৰ আৰু গাঁৱৰ দুৱাৰ আৰু দেৱালত নিৰ্দিষ্ট বছৰ ধৰি "নালে বা" লিখা দেখা গৈছিল। মানুহে নিজৰ ঘৰত কোনো কু-অভিপ্ৰায়ৰ প্ৰৱেশ ৰোধ কৰিবলৈ দেৱালত এই কথা লিখে। ৰাতি কুৎসিত আত্মা বা ডাইনী বিচৰণ কৰি শিশুক লৈ যায় বুলি বিশ্বাস কৰা হয়।
-
জন্মপত্ৰিকা (জ্যোতিষ)
কুণ্ডলী (Kundali), জন্মপত্ৰিকা বা কোষ্ঠী হৈছে শিশুৰ জন্মৰ মুহূৰ্তৰ দৰে এটা বিশেষ মুহূৰ্তত ভাৰতীয় জ্যোতিষৰ নটা গ্ৰহৰ অৱস্থান দেখুওৱা জ্যোতিষৰ চাৰ্ট বা ডায়েগ্ৰামৰ বাবে ভাৰতীয় শব্দ। নৱগ্ৰহ হৈছে সূৰ্য্য, চন্দ্ৰ, বুধ, শুক্ৰ, মংগল, বৃহস্পতি আৰু শনি আৰু চন্দ্ৰৰ দুটা নোড।
-
দৃষ্টি বোম্মাই
দৃষ্টি বোম্মাই (তামিল), দৃষ্টি গোম্বে (কানাড়া) বা দৃষ্টি বোম্মা (তেলেগু) হৈছে পুতলা হিচাপে প্ৰতিনিধিত্ব কৰা তাবিজ, যিটো মূলতঃ দক্ষিণ ভাৰতত পোৱা যায়। এপ'ট্ৰ'পিক গুণ থকা বুলি বিশ্বাস কৰা এই পুতলাবোৰক নিৰ্মাণ স্থান, ঘৰ, আৱাসিক অট্টালিকা আৰু ট্ৰাকত বিশিষ্টভাৱে স্থাপন কৰা নাইবা ওলোমাই থোৱা হয়, বেয়াক…