বৌদ্ধ ভিক্ষুণী
৪ প্ৰবন্ধ
-
আম্ৰপালি
আম্ৰপালি বা আম্ৰ্পালিকা বা আম্বপালি (Āmrapālī) প্ৰাচীন বৈশালী নগৰৰ (বৰ্তমান বিহাৰত) প্ৰায় ৫০০ খ্ৰীঃপূঃৰ এগৰাকী প্ৰখ্যাত নগৰবধূ বা ৰাজকীয় গণিকা আছিল। বুদ্ধৰ ওচৰত শৰণ লৈ তেওঁ এগৰাকী 'অৰ্হৎ' বা 'অৰহন্ত' হৈছিল। প্ৰাচীন পালি সাহিত্যত বা বুদ্ধ পৰম্পৰাত তেওঁৰ সৈতে বুদ্ধৰ সংযোগৰ উল্লেখ আছে।
-
সংঘমিত্ৰা
সংঘমিত্ৰা (Sangamitra; সংঘমিত্তা) সংঘামিত্ৰা সম্ৰাট অশোক (৩০৪ খ্ৰীঃপূঃ- ২৩২ খ্ৰীঃপূঃ) আৰু দেৱীৰ জ্যেষ্ঠা কন্যা। ভাতৃ মহেন্দ্ৰৰ সৈতে তেওঁ বৌদ্ধ ভিক্ষুত্ব গ্ৰহণ কৰিছিল।
-
প্ৰজাপতি গৌতমী
মহাপ্ৰজাপতি গৌতমী বা গোতমী (Mahapajapati Gotami; Pali; Sanskrit Mahāprajāpatī Gautamī) গৌতম বুদ্ধৰ পালিতা মাতৃ, সতীয়া মাতৃ আৰু মাহীয়েক আছিল। বুদ্ধ পৰম্পৰাত তেৱেঁ প্ৰথম ভিক্ষুণী হ’বলৈ আকাঙ্খা কৰা নাৰী। বুদ্ধদেৱে তেওঁক বৌদ্ধ ধৰ্মত শৰণ দিছিল।
-
যশোধৰা
যশোধৰা (Yaśodharā; Yasodharā) এজন শ্ৰমণ হোৱাৰ উদ্দেশ্যে গৃহ-ত্যাগ নকৰালৈকে ৰাজকুমাৰ সিদ্ধাৰ্থৰ পত্নী আৰু ৰাহুলৰ মাতৃ, তথা দেৱদত্তৰ ভগ্নী আছিল। পিছলৈ লৈ বৌদ্ধ ধৰ্মৰ অনুগমন কৰি ভিক্ষুণী হৈছিল আৰু এগৰাকী অৰ্হতা (নাৰী অৰ্হৎ) ৰূপে পৰিগণিত হৈছিল।