ন'বেল বঁটা
৪ প্ৰবন্ধ
-
ন'বেল বঁটা
ন'বেল বঁটা (Nobel Prize, ) বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়।
-
শান্তি ন'বেল বঁটা
শান্তি নবেল বঁটা(Nobel Peace Prize) হৈছে চুইডেনৰ উদ্যোগপতি, আৱিষ্কাৰক আৰু অস্ত্ৰ-শস্ত্ৰ (সামৰিক অস্ত্ৰ আৰু সঁজুলি) নিৰ্মাতা আলফ্ৰেড নবেলৰ দ্বাৰা স্থাপিত পাঁচটা নবেল বঁটাৰ মাজত এটা। বাকি চাৰিটা বটা হৈছে ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, চিকিৎসা বিজ্ঞান, আৰু সাহিত্য ন'বেল বঁটা।
-
আলফ্ৰেড ন'বেল
আলফ্ৰেড বাৰ্ণাড ন'বেল (Alfred Bernhard Nobel; ২১ অক্টোবৰ ১৮৩৩ – ১০ ডিচেম্বৰ ১৮৯৬) এজন চুইডিছ ৰসায়নবিদ, অভিযন্তা, উদ্ভাৱক আৰু অস্ত্ৰ উৎপাদনকাৰী আছিল। তেখেতে ডিনামাইটৰ উদ্ভাৱন কৰিছিল। ন'বেলে ব'ফ'ৰ্ছ নামৰ লো আৰু তীখা কাৰখানটো কিনি লৈ তাক টোপ আৰু আন অস্ত্ৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানলৈ ৰূপান্তৰ কৰিছিল।
-
আৰৱিন শ্ৰুডিঙগাৰ
আৰৱিন ৰুডলফ জচেফ আলেকজাণ্ডাৰ শ্ৰুডিঙগাৰ (Erwin Rudolf Josef Alexander Schrödinger; ১২ আগষ্ট ১৮৮৭ – ৪ জানুৱাৰী ১৯৬১) এজন প্ৰখ্যাত অষ্ট্ৰিয়ান ভৌতবিজ্ঞানী আছিল। তেওঁ কুৱাণ্টাম তত্ত্বৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল আৰু ১৯৩৩ চনত পল ডিৰাকৰ সৈতে মিলি নবেল বঁটা লাভ কৰিছিল।