অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

বেইজিং-হান এয়াৰলাইন্সৰ হেণ্ডলি পেজ O/7 দুৰ্ঘটনা

বেইজিং নান্যুয়ান বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত ট্যুৰ বিমানৰ হেণ্ডলি পেজ অ/৭ বিমান ১৯২২ চনত বেইজিং-হান এয়াৰলাইন্সৰ বিমান দুৰ্ঘটনাত পতিত হয়। এয়া আছিল চীনৰ প্ৰথম মাৰাত্মক বাণিজ্যিক যাত্ৰীবাহী বিমান দুৰ্ঘটনা।

হালনাগাদ: ২৩ নৱেম্বৰ ২০২৫ ১০৯ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

বেইজিং নান্যুয়ান বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত ট্যুৰ বিমানৰ হেণ্ডলি পেজ অ/৭ বিমান ১৯২২ চনত বেইজিং-হান এয়াৰলাইন্সৰ বিমান দুৰ্ঘটনাত পতিত হয়। এয়া আছিল চীনৰ প্ৰথম মাৰাত্মক বাণিজ্যিক যাত্ৰীবাহী বিমান দুৰ্ঘটনা।১

পৃষ্ঠভূমি

১৯২২ চনৰ ২৯ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈকে চীন চৰকাৰে (চীনা গণৰাজ্য) “বেইজিং-হান এয়াৰলাইন্স” ব্ৰেণ্ডৰ অধীনত চলা তিনিদিনীয়া পৰীক্ষামূলক ভ্ৰমণত আছিল এই বিমানখন। এই বিমান আৰু ভ্ৰমণৰ আৰম্ভণি কৰিছিল চীনৰ যুদ্ধাধিপতি কাও কুনে। এই বিমানখনৰ পাইলট আছিল মা ইউফাঙে।২

দুৰ্ঘটনা

তিনিদিনীয়া পৰীক্ষামূলক ভ্ৰমণ সম্পূৰ্ণ কৰি, ১০ বজাৰ পিছত বেইজিং নান্যুয়ান বিমানবন্দৰত অৱতৰণ কৰিছিল বিমানখন। অৱতৰণৰ সময়ত বিমানখনৰ পিছফালটো গছত খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত হৈ জুই লাগিছিল। বিমানখনত থকা ১৪জন লোকৰ আটাইকেইজন লোক নিহত হয়। এই দুৰ্ঘটনা আছিল চীনৰ প্ৰথমটো বাণিজ্যিক যাত্ৰীবাহী বিমান দুৰ্ঘটনা।

তথ্যসূত্ৰ

  1. ↑ ASN Aircraft accident Handley Page O/7 near Beijing Nanyuan Airport. aviation-safety.net
  2. ↑ Wu, Tao. (9 October 2012). 中国航空事故百年祭. CARNOC.com

সম্পৰ্কিত শ্ৰেণী

বিমান দুৰ্ঘটনা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেইজিং-হান এয়াৰলাইন্সৰ হেণ্ডলি পেজ O/7 দুৰ্ঘটনা” প্ৰবন্ধৰ সংশোধন ৫৫৫৪৮০ (২৩ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।