বম্বে আৰ্ট চচাইটি (Bombay Art Society) হৈছে মুম্বাইত অৱস্থিত এটা অলাভজনক কলা সংগঠন। কলাক উদগনি দিয়া আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্যে ১৮৮৮ চনত এই প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰা হৈছিল। ভাৰতীয় কলা জগতৰ বেছিভাগ প্ৰতিষ্ঠিত শিল্পীয়েই কোনো না কোনো ধৰণে বম্বে আৰ্ট চচাইটিৰ সৈতে জড়িত হৈ আহিছে।
ইতিহাস
১৮৮৮ চনত চচাইটি প্ৰতিষ্ঠা হোৱাৰ প্ৰায় পাঁচ বা ছয় বছৰলৈকে বাৰ্ষিক প্ৰদৰ্শনীৰ কেটালগসমূহত ভাৰতীয় শিল্পীসকলৰ তুলনাত ইউৰোপীয় শিল্পীসকলৰ শিল্পকৰ্মৰ প্ৰাধান্য বেছি আছিল। এইটো স্বাভাৱিক আছিল কাৰণ ছাৰ জে. জে. স্কুল অফ আৰ্ট তেতিয়া বিকাশৰ প্ৰাৰম্ভিক পৰ্যায়ত আছিল। কিন্তু সময়ৰ লগে লগে স্কুল অফ আৰ্টৰ অধ্যক্ষ টেৰী আৰু গ্ৰিফিথছৰ দৰে ব্যক্তিৰ নিৰ্দেশনাত পেচা হিচাপে কলাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পোৱাৰ লগতে বম্বে আৰ্ট চচাইটিয়ে ভাৰতীয় শিল্পীসকলক যি প্ৰচাৰ দিছিল, তাৰ ফলত স্কুল অফ আৰ্টে এদল ভাৰতীয় শিল্পী সৃষ্টি কৰিছিল। ব্ৰিটিছ শাসনৰ কালছোৱাত পৰৱৰ্তী বছৰবোৰত চচাইটিৰ বাৰ্ষিক প্ৰদৰ্শনীত ভাৰতীয় শিল্পীসকলৰ কামৰ সংখ্যা যথেষ্ট বৃদ্ধি পায়।
অগ্ৰগতি
১৯৫২ চনৰ পৰা এই চচাইটিয়ে জাহাংগীৰ আৰ্ট গেলেৰীত নিজৰ কাম-কাজ চলাই আহিছে, যিটো চচাইটিৰ বাৰ্ষিক প্ৰদৰ্শনীৰ নিয়মীয়া স্থান। ১৯৯০ চনত চচাইটিৰ শতবৰ্ষীয় বৰ্ষত প্ৰবীণ শিল্পী তথা চচাইটিৰ সেই সময়ৰ সভাপতি কে. কে. হেব্বাৰ আৰু সমিতিয়ে চচাইটিৰ এটা নিজা কমপ্লেক্সৰ বাবে উদ্যোগ গ্ৰহণ কৰিছিল। মহাৰাষ্ট্ৰৰ সেই সময়ৰ মুখ্যমন্ত্ৰী শৰদ পাৱাৰে মুম্বাইৰ বান্দ্ৰাত চচাইটিৰ কমপ্লেক্সৰ বাবে এটুকুৰা মাটি প্ৰদান কৰিছিল যিটো এতিয়া সম্পূৰ্ণ হৈ উঠিছে।
বম্বে আৰ্ট চচাইটিৰ আৰ্ট কমপ্লেক্সত তিনিখন প্ৰদৰ্শনী গেলাৰী, প্ৰেক্ষাগৃহ আৰু কলা সম্পৰ্কীয় পুথিভঁৰাল আছে। এই আৰ্ট গেলাৰীসমূহ শিল্পী আৰু কলা প্ৰতিষ্ঠানসমূহক প্ৰদৰ্শনীৰ বাবে সুলভ মূল্যত সাপ্তাহিক ভিত্তিত ভাড়া দিয়া হয়।
চচাইটিৰ তৰফৰ পৰা কেইবাটাও বঁটা আৰু পদক প্ৰদান কৰা হয়। উদীয়মান শিল্পীসকলক উৎসাহিত কৰিবলৈ ১৯৮৯-৯০ চনত আৰম্ভ কৰা 'বেন্দ্ৰে-হুছেইন জলপানি' শিল্পী এম. এফ. হুছেইনে দান কৰিছিল। জীৱনজোৰা সাধনাৰ বাবে আগবঢ়োৱা 'ৰূপধৰ' বঁটা লাভ কৰা শিল্পীসকলৰ ভিতৰত সদানন্দ বাকৰে (২০০৪) আৰু ত্যব মেহতা (২০০৭) অন্যতম।১ ২
স্থাপত্য আৰু ডিজাইন
কিউবিষ্ট ভাস্কৰ্যৰ আৰ্হিত নিৰ্মিত আৰু ইউৰোপীয় এক্সপ্ৰেচনিষ্ট স্থাপত্যৰ সৈতে সাদৃশ্য থকা এই ভৱনটোত তিনিখন গেলাৰী আছে।
পৰিচালনা সমিতি ২০২১–২০২৬
- ৰাজেন্দ্ৰ এন পাটিল - সভাপতি
- মনোজ যোশী - উপ-সভাপতি
- অধ্যাপক নৰেন্দ্ৰ বিচাৰে - অধ্যক্ষ
- চন্দ্ৰজিৎ যাদৱ - সম্পাদক
- অজিংক্য চৌলকাৰ - যুটীয়া সম্পাদক
- সুৰেন্দ্ৰ জগতাপ - কোষাধক্ষ্য
- অধ্যাপক অনিল নায়ক
- অজিংক্য চৌলকাৰ
- বিক্ৰান্ত মাঞ্জৰেকাৰ
- গণপত ভডকে
- মাধৱী গংগান
- শ্ৰীকান্ত কদম
- বিলাস চালুংকে
- অনিল অভংগে
বাহ্যিক সংযোগ
- বম্বে আৰ্ট চচাইটি
- শেহতীয়া খবৰ ১৫ মে' ২০১০
- architexturez.net/doc/az-cf-167380?qt-az_cf_core
- www.maharashtratourism.net/museums/jehangir-art-
- bandra.info/bombay-arts-society-prepares-to-open
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বম্বে আৰ্ট চচাইটি” প্ৰবন্ধৰ সংশোধন ৫৯৯৪৫৭ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।